Show/Hide Keyboard Layout

জিলেলে জিলেলে

- সীমান্ত শেখৰ

জিলেলে জিলেলে অ’ জিলেলে জিলেলে

যাবগৈ লাগিব মই অৰুণাচললে

ঠাইতে ওখ ঠাইতে চাপৰ

নোৱাৰোঁ মই বগাব

বান্দৰ বিড়ি এটি জ্বলাই

বেগাই যাব লাগিব

তেতিয়াহে, তেতিয়াহে তোমাক লগ পাম ।

 

বাৰে কিচিম ভাৱনাই অ’

ধৰেনো হেঁচা মাৰি

ধৰেনো হেঁচা মাৰি

যেতিয়া মই বিচনাত পৰোঁ,

বিচনাতে পৰিলৈ অ’

কান্দোনো হুৰাহুৰে, কান্দোনো হুৰাহুৰে

তিতিনো যাই শিতানৰ গাৰু ।

 

অ’ মৰম তোমাৰে নাম

অ’ মৰম লিখি লোলোঁ

কলিজাৰ তেজেৰে মোচিব নোৱাৰাকৈ ...

 

অই মাছে মাৰিবলৈ এ পদুম নিদিওঁ তোমাক

যাবলৈয়ে পদুম নিদিওঁ তোমাক,

যাবলৈয়ে পদুম বোকাপানী লাগিব গাত

ঘৰতে থাকিবা এ পদুম মোৰে কথা

ভা‌বিবা এ পদুম মোৰে কথা

ভাবিবা এ পদুম মৰমেৰে লগাবা মাত ।

 

অ’ চেনাই তোমাকে মই

অ’ চেনাই ভালে পাওঁ

বুজাব হে নোৱাৰোঁ মই

বুজাব হে নোৱাৰোঁ ...

Hits: 2684